দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীয়ে নিৰ্মাণ কৰা এটা শিবিৰ আছিল অশ্বিট্‌ছ নিৰ্যাতন শিবিৰ (ইংৰাজী: Auschwitz concentration camp)। পোলেণ্ডত অৱস্থিত এই শিবিৰটো আছিল নাজীয়ে নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ নিৰ্যাতন শিবিৰ বা কনচেনট্ৰেচন কেম্প। সেই সময়ত এই শিবিৰত এক নিযুততকৈও অধিক লোকক হত্যা কৰা হৈছিল [1] ইয়াৰে অধিকাংশই ইহুদী সম্প্ৰদায়ৰ। ইহুদীসকলৰ ওপৰত নাজীৰ চূড়ান্ত সমাধান কাৰ্যকৰী কৰাৰ অন্যতম মূল কেন্দ্ৰ আছিল এই শিবিৰ। অশ্বিট্‌ছত মুঠ ৪০টাতকৈও অধিক সৰু-বৰ কনচেনট্ৰেচন কেম্প আছিল। ইয়াৰ ভিতৰত প্ৰধান আছিল তিনিটা শিবিৰ প্ৰথম অশ্বিট্জ, দ্বিতীয় অশ্বিট্জ - বাৰ্কিনাউ আৰু অশ্বিট্জ তৃতীয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Auschwitz deportees deaths by background https://www.statista.com/statistics/1288821/auschwitz-deportees-deaths-by-background/